Fearless Press

তিনিচুকীয়াৰ বিভিন্ন এলেকাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

তিনিচুকীয়া,৪ জুন: তিনিচুকীয়া জিলাৰ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগে আজি তিনিচুকীয়া টাউনৰ বিভিন্ন এলেকাত অভিযান চলাই কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠনৰ পৰা অবৈধ ভাবে মজুত ৰখা এল পি জি চিলিণ্ডাৰ জব্দ কৰে। আনহাতে আবকাৰী বিভাগ আৰু খাদ্য, অসামৰিক যোগান বিভাগে যুটীয়াভাৱে মাকুম ৰডস্থিত আপু’জ ৰেষ্টুৰেণ্টত অভিযান চলাই অবৈধ সুৰা আৰু এল পি জি চিলিণ্ডাৰ জব্দ কৰে। অভিযান কালত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী প্ৰমুখ্যে খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Exit mobile version