গুৱাহাটী,৭ জুনঃ আন্তর্জাতিক এথলেটিকচত অসম কন্যা হিমা দাসে দুটাকৈ ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। তুৰস্কৰ এৰজুৰাম আন্তঃৰাষ্ট্ৰীয় কাপত হিমাই ১০০ আৰু ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান অর্জনেৰে ৰূপৰ পদক দখল কৰে। ১০০ মিটাৰ দৌৰত হিমাই ১১.৫৯ ছেকেণ্ডেৰে দ্বিতীয় স্থান অর্জন কৰাৰ বিপৰীতে ২০০ মিটাৰত তেওঁ ২৩.৫১ ছেকেণ্ড সময় লয়। ১০০ মিটাৰত ভাৰতীয় স্প্রিন্টাৰ এছ ধনলক্ষ্মীয়ে ব্যক্তিগত সর্বোত্তম সময়েৰে স্বর্ণপদক দখল কৰে৷ ধনলক্ষ্মীয়ে ১১.২৬ ছেকেণ্ডত এই দূৰত্ব অতিক্রম কৰে। আনহাতে ২০০ মিটাৰ দৌৰতো ধনলক্ষ্মীয়ে ২৩.২৬ ছেকেণ্ডেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ভাৰতীয় এথলিটসকলে সম্প্ৰতি তুৰস্কত প্ৰশিক্ষণৰ লগতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আহিছে। আগন্তুক কমনৱেল্থ গেমছৰ পূর্বে হিমাৰ বাবে এই প্রতিযোগিতাখন যথেষ্ট গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।