গুৱাহাটী,৭ জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণসকলক শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। লগতে ধন্যবাদ জনাইছে ছেবাৰ সকলো বিষয়া-কৰ্মচাৰীক। হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ আজি ঘোষিত ফলাফলৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্রীগৰাকীয়ে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত শিক্ষা মন্ত্রীগৰাকীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হোৱা সকলক পুনৰ চেষ্টা কৰিবলৈ আহ্বান জনায়। উত্তীৰ্ণ নোহোৱা সকলৰ বাবে একো শেষ হৈ যোৱা নাই বুলি সদৰি কৰি তেওঁ কয় যে পুনৰ চেষ্টা কৰিব লাগিব। তেওঁ লগতে কয় যে এইবাৰ চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট কমিছে। এই বিষয়টোত অধ্যয়ন কৰাৰ কথা সদৰি কৰি তেওঁ কয় যে চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফল বেয়া হৈছে। আনহাতে ডিমা হাচাওৰ ফলাফল কাৰ্বি আংলঙতকৈ ভাল হৈছে। চাহ বাগান অঞ্চলত শিক্ষা বহু পিছ পৰি আছে বুলি সদৰি কৰি তেওঁ কয় যে চাহ বাগান অঞ্চলত বিদ্যালয় স্থাপন কৰা হৈছে আৰু চাহ বাগান অঞ্চলৰ ফলাফল বেয়া হোৱাৰ কাৰণ অধ্যয়ন কৰা হ’ব। এই সন্দৰ্ভত অধ্যয়ন কৰিবলৈ ছেবাক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। ইফালে ইংৰাজী মাধ্যমৰ স্কুলসমূহৰ ফলাফল হৈছে বুলি স্বীকাৰ কৰি তেওঁ কয় যে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্রত থকা সমস্য‍াসমূহ দূৰ কৰা হ’ব। আনহাতে উত্তীৰ্ণৰ হাৰ এইবাৰ কম হোৱাটো অৱধাৰিত বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ ক’ভিডৰ প্রভাৱ শিক্ষাৰ ওপৰত পৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দশম শ্রেণীৰ পৰীক্ষা হৈয়ে থাকিব আৰু প্রথম ১০টা স্থানৰ ব্যৱস্থাটোও থাকিব।