গুৱাহাটী,৮ জুনঃ টকিঅ’ পেৰালিম্পিক চেম্পিয়ন অৱনী লেখাৰাৰ আন এক সফলতা। ফ্ৰান্সৰ চাটেউৰৌক্সত ৭ জুনত অনুষ্ঠিত হোৱা পেৰা শ্বুটিং বিশ্বকাপৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ শাখাত ২৫০.৬ পইণ্টছৰে বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ জয় লাভ কৰিবলৈ সক্ষম হয় অৱনী লেখাৰাই। ২০ বছৰীয়া শ্বুটাৰগৰাকীয়ে নিজৰ পূৰ্বৰ ২৪৯.৬ পইণ্টছৰ বিশ্ব অভিলেখ ভংগ কৰি ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত এই জয়েৰে নিজৰ স্থান সুৰক্ষিত কৰিবলৈও সক্ষম হৈছে। উল্লেখ্য যে লেখাৰাই টকিঅ’ পেৰালিম্পিকছত এছএইচ ১ শ্ৰেণীত ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং ইভেণ্টত স্বৰ্ণ লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল।