গুৱাহাটী,৮ জুনঃ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চাৰি বছৰ সম্পূৰ্ণ হ’ল। ২০১৮ চনৰ আজিৰ দিনটোতেই সংঘটিত হৈছিল সকলোৰে মন, মগজু জোকাৰি যোৱা সেই নাৰকীয় ঘটনাটো। ️কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাৰ সময়তে এদল জঘন্য লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসক। ️একাংশ নৰপিশাচৰ হাতত প্ৰাণ দিবলগীয়া হৈছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱকে। ️কাৰ্বি আংলঙৰ ডকমকাত মানৱৰূপী একাংশ দানৱে অতি বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল দাস আৰু অভিজিৎ নাথক। ️নিলোৎপল আৰু অভিজিতৰ সেই মৰণকাতৰ চিঞৰে আজিও কঁপাই তোলে প্ৰতিজন অসমীয়াৰ হৃদয়। ️এই ঘটনা সংঘটিত হোৱাৰ পিছতেই কেৱল অসমতেই নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো এই নাৰকীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল। ️কিন্তু আজিলৈ ন্যায় নাপালে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পৰিয়ালে। আজিও ন্যায়ৰ অপেক্ষাত নিলোৎপল আৰু অভিজিতৰ পৰিয়াল।