গুৱাহাটী,৮ জুনঃ দেশৰ আটাইতকৈ চহকী উদ্যোগী মুকেশ আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰবৰাহ কৰি থকা হৈছে এটাৰ পাছত আনটোকৈ বন্য জীৱ-জন্তু৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা দুটাকৈ ব্লেংক পেন্থাৰ অৰ্থাৎ ঘোং গুজৰাটৰ জাম নগৰস্থিত ৰিলায়েঞ্চ গ্ৰুপৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰাৰ পাছত এইবাৰ অসমৰ মাজেৰে ওলাই গ’ল অৰুণাচলৰ ১৪ টা হাতী। উদ্যোগী মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰই গুজৰাটত ২৮০ এক ভূমিত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানলৈ অৰুণাচলৰ নামচাইৰ পৰা প্ৰেৰণ কৰা হয় হাতী কেইটা৷ ৭ খন বৃহৎ ট্ৰাকত হাতী কেইটাকৈ সৰবৰাহ কৰা দেখা পাই অৰুণাচলৰ পাচিঘাটত স্থানীয় লোকে ট্ৰাক কেইখন আৱদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছতেই অৰুণাচলৰ বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ নথি পত্ৰ পৰীক্ষা কৰাত বৈধ প্ৰক্ৰিয়াই ঘৰচীয়া হাতী কেইটা আম্বানিয়ে ক্ৰয় কৰাটো নিশ্চিত হয়৷ ফলত অৰুণাচলৰ বন বিভাগে হাতী ভৰ্তি ৭ খন ট্ৰাককে যাবলৈ দিয়াত অসমৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হয় ১৪ টাকৈ হাতী৷ উল্লেখ্য পূৰ্বতে অৰুণাচলত বনাঞ্চলৰ পৰা গছ কঢ়িওৱা কামত হাতী ব্যৱহাৰ কৰাৰ লগতে খামতি জনগোষ্ঠীয় লোকসকলে হাতীৰ সহায়ত কৃষি কৰ্মও কৰিছিল৷ কিন্তু হাতীক কামত নিয়োজিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতেই আৰ্থিক সমস্যাৰ সন্মুখীন হয় হাতীৰ মালিক আৰু মাউতসকল৷ হাতীৰগৰাকীৰ এই অসহায় অৱস্থাৰ সুযোগ লৈ মুকেশ আম্বানীৰ পুত্ৰৰ মালিকাধীন গ্ৰীণ জুল, জিকেল ৰেছকিউ এণ্ড ৰিহেবিলিটেশ্বন কিংডম কতৃৰ্পক্ষই উত্তৰ-পূবৰ পৰা কম দামত ঘৰচীয়া হাতীসমূহ ক্ৰয় কৰিছে৷ ইয়াৰ পূৰ্বেও আম্বানিৰ উক্ত চিৰিয়াখানালৈ অৰুণাচলৰ পৰা কেইবাটাও হাতী প্ৰেৰণ কৰা হৈছিল। এক কথা অসমৰ ঘোং আৰু অৰুণাচলৰ হাতীক প্ৰদৰ্শন কৰি আম্বানিয়ে গুজৰাটত প্ৰকৃতি প্ৰেমৰ অচিলাৰে চিৰিয়াখানা ব্যৱসায়ৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিব৷