Fearless Press

তিনিচুকীয়াৰ মাকুমত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

তিনিচুকীয়া,৯ জুনঃ মাকুম আৰক্ষী চকীৰ অন্তৰ্গত মাকুম, টিংৰাই বঙ্গালী গাওঁ, বেতজান বাইপাচ, শুকানপুখুৰী মাকুম ৰ’ড আৰু তিনিচুকীয়া আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীপুৰীয়াত আবকাৰী বিভাগে অভিযান চলাই অবৈধভাবে মজুত ৰখা ৯.৪০৫ BL দেশীয় বিলাতী সুৰা আৰু ৩৬.৪০০ BL বিয়েৰ জব্দ কৰে। কাৰ্য্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মা আৰু কংকনজ্যোতি শইকীয়া আৰু আবকাৰী অধীক্ষক মনিলা বৰঠাকুৰৰ নেতৃত্বত যোৱা আবকাৰী দলটোয়ে আজি তিনিচুকীয়াৰ বাৰেকুৰিৰ বিভিন্ন এলেকাত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰি নষ্ট কৰে।

Exit mobile version