গুৱাহাটী,১০ জুনঃ টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী বক্সাৰ অসম গৌৰৱ লাভলীনা বৰগোঁহাইক লৈ প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ শেহতীয়া প্ৰচ্ছদ৷ বিশ্বৰ ২৬খন দেশত প্ৰকাশ পোৱা আলোচনীখনৰ ভাৰত সংস্কৰণৰ প্ৰচ্ছদত প্ৰকাশ পাইছে লাভলীনাৰ ছবি। অতি জনপ্ৰিয় সাপ্তাহিক ফেশ্বন আলোচনীখনৰ প্ৰচ্ছদৰ উপৰি লাভলীনা বৰগোঁহাইৰ বাবে এইবাৰ আলোচনীখনে আগবঢ়াইছে কেইবাটাও বিশেষ পৃষ্ঠা৷ য’ত এডিডাছ আৰু গুচ্ছিৰ বিশেষ কষ্টিউম পৰিধান কৰিছে লাভলীনাই৷ উল্লেখ্য যে গুচ্ছিৰ সঞ্চালক এলেচান্দ্ৰ মিছেলে ডিজাইন কৰা এডিডাছ-গুচ্ছি ক্লাৱ প্ৰজেক্টতো অংশগ্ৰহণ কৰে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্ছ সন্মান ‘খেলৰত্ন’ প্ৰাপক অসম তনয়া লাভলীনাই। স্মৰ্তব্য যে ‘গ্ৰাজিয়া’ নামৰ আন্তঃৰাষ্ট্ৰীয় সাপ্তাহিক ফেশ্বন আলোচনীখনৰ পূৰ্বে লাভলীনাক লৈ বিখ্যাত ‘ভোগ’ আলোচনীয়েও প্ৰকাশ কৰিছিল বিশেষ সংস্কৰণ৷ গ্ৰাজিয়া নামৰ আলোচনীখনৰ সংস্কৰণসমূহ বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলক লৈ প্ৰকাশ কৰা হয়৷