তিনিচুকীয়া,১৩ জুন: তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত আজি প্ৰশাসনে বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। ৰেলৱে সংৰক্ষিত ভূমি বেদখল কৰি অবৈধভাবে নিৰ্মাণ কৰা বাসগৃহ, সৰু-সুৰা ব্যৱসায়িক প্ৰতিষ্ঠনকে আদি কৰি অন্যান্য অবৈধ নিৰ্মাণকাৰ্য্যৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে ৰে’লৱে কৰ্তৃপক্ষৰ সহযোগত উচ্ছেদ অভিযান চলায়। তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠক, কাৰ্য্যবাহী দণ্ডাধীশ নিলুৰাম শৰ্মাৰ নেতৃত্বত প্ৰায় ডেৰশ অবৈধ নিৰ্মাণকাৰ্য্যৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান চলোৱা হয়। ৰে’লৱে বিভাগৰ তৰফৰ পৰা তিনিচুকীয়া ৰেলৱে সংমণ্ডলৰ বিভাগীয় অভিযন্তা তথা ৰেলৱে ইষ্টেট বিষয়াৰ দায়িত্বত থকা চাহিল কুমাৰ হংস উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থাকে।