Fearless Press

বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত যমুনামুখ

যমুনামুখ,১৭ জুনঃ ভয়াৱহ বানৰ কৱলত পৰিছৰ যমুনামুখ। বানৰ ফলত ডবকা যমুনামুখ পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। প্ৰায় ৩০খনৰো অধিক গাওঁ জলমগ্ন হৈ পৰিছে। যমুনামুখ, পঠিয়াপাম, নগঞাপাম, ভেদৌআটী, ভেৰভেৰী, চাৰ্লক আদি বহু ৰাজহ গাওঁ বৰ্তমান পানীৰ তলত। বানাক্ৰান্ত ৰাইজে ৰেল লাইনৰ উপৰি বিভিন্ন স্থানত আশ্ৰয় লৈছে। বৰ্তমানেও ক্ৰমাৎ বৃদ্ধি পাইছে জলস্তৰ। ইফালে নাৱৰ অভাৱত উদ্ধাৰ অভিযানত বাধা হোৱাৰ অভিযোগ উত্থাপন হৈছে।

Exit mobile version