Fearless Press

ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪৬ টা মৃতদেহ

আমেৰিকা,২৮ জুনঃ ভয়ংকৰ ঘটনা। ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে ৪৬ টা মৃতদেহ। এক ভয়ংকৰ খবৰে জোকাৰি গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ টেক্সাসত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। টেক্সাসৰ এখন চহৰত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হৈছে ৪৬ জন লোকৰ মৃতদেহ। এই ঘটনাটো মানৱ সৰবৰাহৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে ট্ৰাকৰ ভিতৰত থকা অন্য ১৬ গৰাকী লোকক হস্পাতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৪ জন কিশোৰো আছিল। জানিব পৰা মতে কোনো ব্যক্তিয়ে ৰাজপথেৰে গৈ থাকোতে ট্ৰাকখনৰ পৰা কোনোবাই সহায় বিচাৰি থকা শুনিবলৈ পাইছিল। তেতিয়াই তেওঁ ওচৰলৈ গৈ প্ৰত্যক্ষ কৰে সকলো। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

Exit mobile version