গুৱাহাটী,২৯ জুনঃ এসপ্তাহ ধৰি গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে আজি গুৱাহাটী ত্যাগ কৰে। একনাথ সিন্ধেৰ নেতৃত্বত অহা দলটোৱে গুৱাহাটী এৰি গোৱালৈ যাত্ৰা আৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট এতিয়াও অব্যাহত আছে। আজি উদ্ধৱ থাকৰে শিৱসেনাৰ বিধায়ক সকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। আনহাতে বিজেপিয়েও আজি এক বৈঠকত মিলিত হ’ব। উল্লেখ্য যে বৃহস্পতিবাৰে উদ্ধৱ থাকৰে চৰকাৰ আস্থা ভোটৰ সন্মুখীন হোৱাৰ সম্ভাৱণা আছে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কৌশৰীয়ে বৃহস্পতিবাৰে উদ্ধৱ ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিলেও সেয়া অনুষ্ঠিত নহ’বও পাৰে। উচ্চতম ন্যায়ালয়ত শিৱসেনাৰ ১৬ জন বিধায়কলৈ জাৰি কৰা অযোগ্য ঘোষণাৰ জাননীৰ বিবাদ নিষ্পত্তি নোহোৱাকৈ কেনেকৈ আস্থা ভোট অনুষ্ঠিত হ’ব বুলি উদ্ধৱ ঠাকৰে বাহিনী ন্যায়ালয়ৰ কাষ চাপে। উল্লেখ যে এসপ্তাহ ধৰি গুৱাহাটীত বাহৰ পতা বিসম্বাদী বিধায়কৰ দলটোৱে আজি বিশেষ বিমান যোগে গোৱা অভিমুখে ৰাওনা হয়। যোৱাৰ পূৰ্বে তেওঁলোকে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে।