গুৱাহাটী,৩০ জুনঃ সুদীৰ্ঘ দুবছৰৰ পাছত আজিৰে পৰা আৰম্ভ হৈছে অমৰান যাত্ৰা। ননুবান আধাৰ শিবিৰৰ পৰা ২,৭৫০ তীৰ্থযাত্ৰীয়ে দক্ষিণ কাশ্মীৰ হিমালয়স্থিত অমৰনাথৰ বাবে ৰাওনা হৈছে।
উপায়ুক্ত পীযুষ সিংগলাই অনন্তনাগ জিলাৰ পেহেলগামৰ পৰা সেউজীয়া পতাকা দেখুৱাই এই যাত্ৰী সকলৰ যাত্ৰা আৰম্ভ কৰায়। তেওঁ কয় যে ৪৩ দিনীয়া অমৰনাথ যাত্ৰাৰ সুকলমে পাৰ কৰাবলৈ সকলোধৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে আমি নিশ্চিত কৰিছো যে তীৰ্থযাত্ৰী সকলে সুৰক্ষিত অনুভৱ কৰক আৰু সকলো শান্তি পূৰ্ণভাৱে হৈ যাওক। আশা কৰো তীৰ্থযাত্ৰী সকলে পৱিত্ৰ গুহাত থকা শিৱলিংগৰ দৰ্শন শান্তিপূৰ্ণভাৱেই কৰক। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই বুধবাৰে পুৱা জম্মু চহৰৰ ভগৱতী নগৰ আধাৰ শিৱিৰৰ পৰা বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে ৪,৮৯০ গৰাকী তীৰ্থযাত্ৰীক  কাশ্মীৰৰ পেহেলগাম আৰু বালতাল আধাৰ শিৱিৰৰ যাত্ৰাৰ বাবে ৰাওনা কৰায়।
উল্লেখ্য যে প্ৰায় দুবছৰৰ অন্তত এইবাৰ হৈছে অমৰনাথ যাত্ৰা। গতিকে এইবাৰ যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণাও আছে যাৰ বাবে অনলাইন দৰ্শনৰ ব্যৱস্থাও কৰা হৈছে। এই অমৰনাথ যাত্ৰা ১১ আগষ্টত অন্ত পৰিব।