Fearless Press

১৫ জুলাইৰ পৰা ৭৫ দিনৰ বাবে বুষ্টাৰ ড’জ বিনামূলীয়া

গুৱাহাটী,১৪ জুলাইঃ ১৮ বছৰৰ উদ্ধৰ্ৰ লোকক শুকুৰবাৰৰ পৰা বিনামূলীয়াভাৱে ক’ভিড ভেকচিনৰ বুষ্টাৰ ড’জ দিব কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ দেশতে কৰ’নাৰ সংক্ৰমণ বৃদ্ধিত শংকিত হৈ পৰা কেন্দ্ৰীয় চৰকাৰে বুধবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৫ জুলাইৰ পৰা আগন্তুক ৭৫ দিন পৰ্যন্ত অৰ্থাৎ ২৮ ছেপ্টেম্বৰলৈকে বিনামূলীয়া হ’ব এই বুষ্টাৰ ড’জ। উল্লেখ্য যে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ হৈ আছে সমগ্ৰ দেশতে৷ ইয়াৰ লগত সংগতি ৰাখি পালন কৰি থকা হৈছে আজাদি কা অমৃত মহোৎসৱ৷ এই কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ উদ্ধৰ্ৰ লোকক দিব বিনামূলীয়া বুষ্টাৰ ড’জ৷ উল্লেখ্য যে শেহতীয়াভাৱে প্ৰাপ্ত বয়স্কসকলৰ ক্ষেত্ৰত কৰ’নাৰ দ্বিতীয়টো ভেকচিন আৰু বুষ্টাৰ ড’জৰ মাজৰ ব্যৱধান হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সেই সূত্ৰে ১৮ বছৰৰ পৰা ৫৯ বছৰৰ লোকে এতিয়াৰে পৰা দ্বিতীয় পালি ভেকচিন লোৱাৰ ছয়মাহ পিছতে বুষ্টাৰ ড’জ ল’ব পাৰিব৷ ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া বুষ্টাৰ ড’জৰ সিদ্ধান্ত ঘোষণা কৰে৷ সকলো চৰকাৰী ভেকচিন প্ৰদান কেন্দ্ৰত বিনামূলীয়াভাৱে লাভ কৰিব এই সুবিধা৷ এই পৰ্যন্ত দেশৰ ১৯৯.১২ কোটিতকৈ অধিক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷

 

Exit mobile version