গুৱাহাটী,১৬ জুলাইঃ বিগত চৰকাৰৰ আমোলত পৰিবহণ বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। এই নিৰ্দেশৰ পাছতেই এতিয়া অসম ৰাজ্যিক পৰিবহণ নিগমত হাহাকাৰ লাগিছে। উল্লেখ যে অসম ৰাজ্যিক পৰিবহণ নিগমত ২২৭৪টা পদত নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। পৰিবহণ নিগমৰ তদানীন্তন পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীৰ আমোলত হোৱা এই নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে একাংশ ঠিকাভিত্তিক পদত নিয়ম বহির্ভূতভাৱে লিখিত পৰীক্ষা, সাক্ষাৎকাৰ অবিহনে নিযুক্তি দিয়া হৈছিল। বিষয়টো
দৃষ্টিগোচৰ হোৱাত খোদ মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিছে। নতুন পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিষয়টো গুৰুত্ব সহকাৰে লৈ দুমাহৰ ভিতৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় শীর্ষ আমোলাক নির্দেশ দিছে। স্বজন-তোষণ তথা অনিয়মেৰে পৰিবহণ বিভাগত নিযুক্তিপ্রাপ্তসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে। চৰকাৰী নিয়মৰ বাহিৰত নিযুক্তিপ্রাপ্তসকলক বৰ্খাস্ত কৰিবলৈও পৰিবহণ মন্ত্ৰীয়ে নির্দেশ দিছে। ইতিমধ্যে তদানীন্তন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই কয় যে পৰিচালন সঞ্চালক কোন আছিল ডাঙৰ কথা নহয়। দায়িত্বশীল মানুহ যিয়েই আছিল, তেওঁলোকে নিয়মৰ মাজেদি নিযুক্তি দিব লাগিছিল। অনিয়মেৰে নিযুক্তিপ্রাপ্তসকলক চিনাক্ত কৰি বৰ্খাস্ত কৰা হ’ব বুলি কয় মন্ত্রী শুক্লবৈদ্যই। উল্লেখ যে বিগত চৰকাৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহণ মন্ত্রী হিচাপে কার্যনির্বাহ কৰাৰ সময়ত আনন্দ প্রকাশ তিৱাৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মন্ত্রী পাটোৱাৰীৰ ঘনিষ্ঠ বুলি পৰিচিত আই পি এছ বিষয়া তিৱাৰীক অসম আৰক্ষীৰ পৰা আনি দক্ষতা বিকাশ আৰু পৰিবহণ বিভাগত একাধিক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰা হৈছিল। দক্ষতা বিকাশৰ নামতো কেন্দ্ৰীয় পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তিৱাৰীৰ বিৰুদ্ধে উত্থাপন হৈছিল। বহু বিতৰ্কৰ মাজত সোমাই পৰা তিৱাৰীয়ে ইতিপূর্বে ডেপুটেশ্যনত অসম এৰি গৈছে। তদন্তৰ জৰিয়তে অনিয়মৰ মাজেদি নিযুক্তিপ্রাপ্তসকলক বৰ্খাস্তৰ নিৰ্দেশ দিয়া হৈছে ঠিকেই, কিন্তু এই নিযুক্তিৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ’ব। উল্লেখ যে নিগমত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২২৭৪জন কৰ্মচাৰীক ৬০ দিনৰ ভিতৰত চাকৰি
ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশনাই নিগমৰ অভ্যন্তৰত কাৰ্যতঃ ধুমুহাৰ সৃষ্টি কৰিছে। সম্প্ৰতি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনস্থ তিনিচুকীয়া, নগাঁও, শিলচৰ, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, লখিমপুৰ, তেজপুৰ, বৃহত্তৰ গুৱাহাটী ক্ষেত্ৰ মহানগৰ সংমণ্ডল আৰু আই এছ বি টি গুৱাহাটী সংমণ্ডলত বিভিন্ন পদত অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২২৭৪জন কৰ্মচাৰীয়ে চাকৰি কৰি আহিছে। বিগত ৩ বছৰে ২২৭৪জন কৰ্মচাৰীয়ে ৰাজকোষৰ ধন লাভ কৰি আহিছে। ৰাজ্যিক পৰিবহণ বিভাগৰ ২২৭৪ জনীয়া অবৈধ নিযুক্তি প্রক্রিয়াত তদানীন্তন অসম ৰাজ্যিক পৰিবহণ নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ সদস্যসকলেও চকুমুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈছিল৷ লক্ষণীয় বিষয় যে ৰাজ্যিক পৰিবহণ নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ অনুমতি অবিহতে নিগমৰ ভিতৰচ’ৰাত একো সিদ্ধান্ত নহয়। কিন্তু আনন্দ প্রকাশ তিৱাৰী নিগমৰ পৰিচালন সঞ্চালক হৈ থকা অৱস্থাত নিগমৰ বোর্ড অব ডিৰেক্টৰছত অশোক ভট্টৰায় অধ্যক্ষ আৰু আনন্দ প্রকাশ তিৱাৰী সদস্য সচিব আছিল। আনহাতে নিগমৰ বোর্ড অব ডিৰেক্টৰছৰ সদস্যসকল আছিল ক্ৰমে আদিল খান (কমিচনাৰ, পৰিবহণ বিভাগ), যাদৱ শ‍ইকীয়া (সচিব, পৰিবহণ বিভাগ), পবন টোং (গড়কাপ্তানি পথ), সুব্ৰতা সৰকাৰ (উত্তৰ পূৱ সীমান্ত ৰে’লৱে), পল্লৱ বৰদলৈ (উত্তৰ-পূৱ সীমান্ত ৰে’লৱে) আৰু দ্বিজেন লহকৰ (সাধাৰণ সম্পাদক, পৰিবহণ নিগম ৰাজ্যিক কৰ্মচাৰী সন্থা)। পৰিবহণ নিগমৰ বোর্ড অব ডিৰেক্টৰছে নিগমটোত অবৈধভাৱে নিযুক্তি দিয়া ২২৭৪জন কৰ্মচাৰীৰ বিষয়টোত মৌনতা অৱলম্বন কৰা কাৰ্যই প্রতীয়মান কৰে যে পৰিচালন সঞ্চালক তিৱাৰীৰ উপৰিও এই অবৈধ নিযুক্তি কাৰ্যত আন শীৰ্ষস্তৰ জড়িত আছে। উল্লেখ যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ২৭ জুনত পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাস সহিতে আন আন বিষয়াসকলৰ সৈতে হোৱা বিভাগীয় পর্যৱেক্ষণ বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে পৰিবহণ নিগমত সাক্ষাৎকাৰ তথা পৰীক্ষা অবিহনে অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ২২৭৪ জন কৰ্মচাৰীক ৬০ দিনৰ ভিতৰত বিভাগৰ পৰা বিদায় দিবলৈও নির্দেশ দিছিল। তাৰেই আধাৰত পৰিবহন মন্ত্রীয়ে নিৰ্দেশনা জাৰি কৰে।