২০১৬ ইং চনৰ ১৬ জুলাই তাৰিখত ICAR ৰ জন্ম হৈছিল। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি, সমগ্ৰ অসমৰ লগতে বঙাইগাওঁ জিলাৰ মানিকপুৰত জন্ম উৎসৱ পালন কৰা হয়। বঙাইগাঁও জিলাৰ কৃষি বিঞ্জান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাত মাণিকপুৰ অঞ্চলৰ বহু আদৰ্শবান কৃষক উপস্থিত থকাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় উপহাৰ প্ৰাপ্ত খেতিয়ক গাজিউৰ ৰহমান উপস্থিত থাকে ।এই সভাত ৰাজধানী দিল্লীত অনুষ্ঠিত ভিডিঅ’ কনফাৰেঞ্চ যোগে কৃষক সকলে সকলো কাৰ্যসূচী প্ৰত্যক্ষ কৰে। এই ভিডিও কনফাৰেঞ্চ যোগে কৃষক সকলে শস্যৰ উৎপাদন কেনেকৈ দুগুণ বৃদ্ধি কৰিব পাৰি আৰু কৃষক সকলৰ বাবে চৰকাৰে প্ৰস্তুত কৰা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।