Fearless Press

মানাস ৰাষ্ট্ৰীয় উদ্যানত ৰোপন কৰা হ’ব বন্যহস্তীৰ উপযোগী প্ৰচুৰ পৰিমাণৰ ফলমুলৰ গছ

মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা সমূহত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে হস্তি মানুহৰ সংঘাটত বহুতো লোকৰ প্ৰাণহানী হৈছিল। এনে পৰিপ্ৰেক্ষিতত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিজনীৰ বিষ্ণুপুৰত বিজেপিৰ মানাস ছেৰফাং মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত আৰ্থিক অনুদান অনুষ্ঠানৰ জৰিয়তে হস্তি মানুহৰ সংঘাটত ক্ষয় ক্ষতি হোৱা পঞ্চাশটা পৰিয়ালক ব্যক্তিগত ভাবে পাঁচ হেজাৰকৈ অনুদান আগবঢ়ায়।বন্যহস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰাৰ বাবেহে ৰাইজ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰ প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ খাদ্যৰ উপযোগী হোৱাকৈ বিভিন্ন প্ৰজাতিৰ ফলমুলৰ গছ, কলগছ আদি ৰোপন কৰাৰ পদক্ষেপ লোৱা বুলি সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই।চিৰাং জিলা বিজেপিৰ সভাপতি ৰিণ্টু কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উক্ত আৰ্থিক অনুদান সভাত বিটিআৰৰ কাৰ্যবাহী সদস্যদ্বয় অৰূপ কুমাৰ দে আৰু ধনঞ্জয় বসুমতাৰী, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজেপিৰ চিৰাং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী দেৱযানী ৰায়সহ বিজনী বিজেপিৰ তিনিটা মণ্ডলৰ সভাপতি, নেতা, কাৰ্যকৰ্তা অংশগ্ৰহণ কৰে।

Exit mobile version