Fearless Press

বহিঃ ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

ৰূপহীহাট, ১৯ জুলাই ২০২২ঃ বহি ৰাজ্যত কাম কৰিব যোৱা নগাঁও জিলাৰ ৰূপহীহাটৰ হাতীপাৰাৰ এগৰাকী যুৱক সন্ধানহীন। চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক

পৰিয়ালৰ ভাষ্য অনুসৰি ২০ দিন পূৰ্বে নিজ ঘৰৰ পৰা বহি ৰাজ্য কেৰেলালৈ কাম কৰিব ওলাই গৈছিল আশীকুল ইছলাম । কেৰেলা গৈ কামত ব্যস্ত হৈ পৰিছিল আশীকুল।ব্যস্ততাৰ মাজতে আশীকুলৰ আত্মীয়ৰ এজন লোকে চেন্নাই আহিব কয়।
তাৰ পিছতেই পৰিয়ালক চেন্নাই গৈ আছোঁ বুলি কৈ ট্ৰেনত আশীকুল ।তাৰ পিছৰ পৰাই সন্ধানহীন

ৰূপহীহাটৰ হাতীপাৰা গাঁৱৰ ৱাহেদ আলী ২২ বছৰীয়া পুত্ৰ আশীকুল ইছলাম

২০ দিন পূৰ্বে কেৰেলা যোৱা আশীকুল যোৱা শনিবাৰৰ পৰা সন্ধানহীন হোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পাছতো শুংসূত্ৰ পোৱা নাই আশীকুল ইছলামৰ।
অৱশেষত আশীকুল ইছলামৰ পৰিয়ালে আশীকুলৰ কোনো সন্ধান পালে ফোন কৰি জনাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক কাতৰ আহ্বান জনালে

কোনো লোকে যদি আশীকুল ইছলামৰ সন্ধান পায় তেন্তে 7356320510 আৰু 9749726365 এই দুটা নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে

Exit mobile version