বৰপেটা, ২১ জুলাইঃ সম্প্ৰতি বৰপেটাৰ আৰক্ষীয়ে কুখ্যাত ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণেৰে চৰ্চালৈ আহিছে। স্মৰ্তব্য যে, বৰপেটা জিলাত নিষিদ্ধ ড্ৰাগছ সাম্রাজ্যক নেতৃত্ব দি অহাসকলৰ ভিতৰত অন্যতম আছিল শ্বাহৰুখ আহমেদ ওৰফে মুক্তাৰ। বৰপেটা থানাৰ অন্তৰ্গত পালহাজীৰ বাতেন মিঞাৰ ২৬ বছৰীয়া পুত্ৰ মুক্তাৰ আছিল বৰপেটা জিলাৰ ড্ৰাগ্ছ ব্যৱসায়ীসকলৰ অন্যতম। বৰপেটাকে ধৰি নামনি অসমৰ বিভিন্ন স্থানত মুক্তাৰে দীর্ঘদিন ধৰি ড্ৰাগ্ছৰ বেহা চলাই আহিছিল। পিছে ড্ৰাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত শ্বাহৰুখ আহমেদ ওৰফে মুক্তাৰ আৰক্ষীৰ হাতত একাধিকবাৰ কৰায়ত্ত হ’বলগীয়া হৈছিল। কিন্তু কাৰাগাৰৰ পৰা ওলাই পুনৰ ড্ৰাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল মুক্তাৰ। বিগত বৰ্ষৰ আগষ্ট মাহত মুক্তাৰৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছিল বৰপেটা আৰক্ষীয়ে। কিছুদিন ধৰি আত্মগোপন কৰি থকাৰ পিছত অৱশেষত আত্মসমর্পণ কৰিবলৈ বাধ্য হয় মুক্তাৰ। এনকাউণ্টাৰৰ ভয়ত বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বৰপেটা আদালতত আত্মসমর্পণ কৰে মুক্তাৰে। লগে লগে বৰপেটা আৰক্ষীয়ে মুক্তাৰক কুখ্যাত গো-মাফিয়া ম’ষ্ট ৱাণ্টেড আদম আলী সংঘৰ্ষত আলীক লগত লৈ অস্ত্ৰ সৰবৰাহকাৰী এটা দলৰ সন্ধানত চলাই থকা অভিযান কালত অচিনাক্ত দুর্বৃত্তৰ এম্বুশ্বত গুলীবিদ্ধ হোৱা কুখ্যাত অপৰাধীজনৰ পাছত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। উক্ত ঘটনাত দুজনকৈ আৰক্ষীৰ লোকো আহত হৈ চিকিৎসাধীন হৈ আছে চিকিৎসালয়খনত। ঘটনা সন্দৰ্ভত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱে সদৰী কৰা মতে, কালি পুৱতিনিশা আনুমানিক এক-ডেৰ বজাত কুখ্যাত অপৰাধী আদম আলীয়ে নিজৰ গেঙৰ কেইজনমান সদস্যক লগত লৈ ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ সমীপৰ ছাগলীয়া আৰু হালাকুৰাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা উগ্রপন্থী শক্তিৰ সৈতে জড়িত চক্ৰক মাৰণাস্ত্ৰ বিক্ৰী কৰাৰ এক পৰিকল্পনা কৰাৰ নিৰ্দিষ্ট তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত ততাতৈয়াকৈ ধুবুৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু আৰক্ষী অহাৰ উমান পাই আদমে ছাগলীয়া হৈ পশ্চিমবংগৰ পিনে পলায়ন কৰিছিল। কিন্তু আৰক্ষীৰ দলটোৱে খেদি খেদি গৈ পশ্চিমবংগৰ কোচবিহাৰৰ সমীপত আদম আলীক কৰায়ত্ত কৰিবলৈ হয়। আৰক্ষীয়ে আদমৰ পৰা আপত্তিজনক কিছু নথি-পত্ৰ আৰু অত্যাধুনিক এটা সৰু আগ্নেয়াস্ত্র উদ্ধাৰ কৰে। কৰায়ত্ত কৰাৰ পাছত চলোৱা জেৰাত আদম আলীয়ে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এটা অপৰাধী চক্ৰক অস্ত্ৰ বিক্ৰী কৰিবলৈ অহা বুলি স্বীকাৰ কৰে আৰু সেইমৰ্মে আদমক লৈ ৰাওনা হৈছিল সেই বিশেষ চক্ৰটোৰ সন্ধানত। জানিব পৰা মতে, ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বি টি এ ডিৰ বাঁশবাৰী আৰু ৰূপচীৰ মাজত উপস্থিত হোৱাৰ লগে লগে আকস্মিকভাৱে আৰক্ষীৰ সেই দলটোৱে ভয়ংকৰ এম্বুশ্বৰ সন্মুখীন হয়। এই এম্বুশ্বত আদমকে ধৰি আহত হোৱা আৰক্ষী দলটোৰ দুজন লোককো ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও পাছত চিকিৎসাধীন অৱস্থাতে আদম আলীৰ মৃত্যু হয়। আনহাতে, এম্বুশ্বৰ সেই ঘটনাত গুৰুতৰভাৱে আহত হোৱা আৰক্ষীৰ লোক দুগৰাকী বর্তমান বিপদমুক্ত। ইতিমধ্যে আদম আলীৰ মৃতদেহটো তেওঁৰ পৰিয়ালৰ লোকে চিনাক্ত কৰা বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে। আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মৃত দুর্ধর্ষ অপৰাধীজন গৰুৰ চোৰাং বেহাৰ উপৰি অত্যাধুনিক মাৰণাস্ত্ৰৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক গুৰাৱে। বাংলাদেশৰ কুখ্যাত জেহাদী সংগঠন জামাত-উল মুজাহিদীন, বাংলাদেশ চমুকৈ জে এম বিৰ সৈতে জড়িত আদমে হাৱালা ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত আছিল বুলিও অৱগত কৰিছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে। উল্লেখ্য যে পূৰ্বে কেইবাবাৰো গ্ৰেপ্তাৰ হোৱা তথা জিলাখনৰ গৌৰীপুৰৰ বাসিন্দা আদম আলীৰ বিৰুদ্ধে ধুবুৰী, গৌৰীপুৰ, গোলোক গঞ্জ থানাকে ধৰি বিভিন্ন থানাত গৰুৰ চোৰাং বেহা, অস্ত্র আইনকে ধৰি বিভিন্ন ধাৰাত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে। উল্লেখ্য যে, আদম আলী নামনি অসমৰ ম’ষ্ট ৱাণ্টেড তথা আৰক্ষীৰ মূৰৰ কামোৰণি আছিল।।