বঙাইগাঁও ২১ জুলাইঃ ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা উপস্থিতিত,জিলা সভানেত্ৰী হিমানী অধিকাৰী সভাপতিত্বত তথা ৰাজ্যিক সম্পাদক তথা বিজনী সমষ্টিৰ বিধায়ক ৰাজ্যিক সম্পাদক অজয় কুমাৰ ৰায় উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।বঙাইগাঁও জিলাৰ অসম গণ পৰিষদ দলৰ নেতা তথা ২০০ ৰো অধিক অ গ প কর্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠ তথা সবল নেতৃত্বধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ খনৰ বিৰামহীন উন্নয়ন আৰু প্ৰগতিশীল কৰ্ম পন্থাৰ দ্বাৰা অসমখনক এক অনন্যৰূপলৈ লৈ যোৱাৰ প্ৰয়াসৰ প্ৰতি নিষ্ঠা দেখুৱাই তথা ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। উক্ত কাৰ্যসূচী উপস্থিত থাকে জিলা সাধাৰণ সম্পাদক শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰ , প্ৰাক্তন জিলা সভাপতি সুকেন ৰায় আৰু গোপেশ্বৰ তালুকদাৰ লগতে জিলা আৰু মণ্ডলৰ বিষয়ববীয়া সকল।
Home অসম আৰু উত্তৰপূব ভৱেশ কলিতাৰ উপস্থিতিত বঙাইগাঁৱত প্ৰাক্তন বিধায়কৰ পুত্ৰ সহ অগপ কৰ্মীৰ বিজেপিত...