গুৱাহাটী,২১ জুলাইঃ অৱশেষত কাৰাগাৰৰ বন্ধ কোঠালিৰ পৰা মুকলি আকাশলৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আৱেদন মঞ্জুৰ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ । আদালতৰ নিৰ্দেশনাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই সকলো যাৱতীয় কাম সম্পন্ন কৰাৰ পিছত বৃহস্পতিবাৰে নাইবা শুকুৰবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিব। উল্লেখ্য যে এটা বিতৰ্কিত ফেচবুক পোষ্টৰ বাবে টীয়কৰ ১৮ বছৰীয়া এইগৰাকী ছাত্ৰীক বিগত দুমাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । টীয়কৰ এজাৰগুৰিৰ অজিত বুঢ়াগোহাঁই আৰু ঊষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী। বিগত ১৮ মে’ত গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱী ঘৰলৈ ফুৰিবলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক ৷ কবিতা ভাল পোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে এটা কবিতাৰ মাজেৰে মনৰ ক্ষোভবোৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল। যাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ কাৰাগাৰত ভিতৰতে পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হৈছিল বৰ্ষাশ্ৰীয়ে ৷ সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক পৰীক্ষাত বহিবলৈ দিবলৈ বিভিন্ন ধৰণৰ পোষ্টেৰে চৰকাৰক আহ্বান জনাইছিল জনসাধাৰণে ৷ ইয়াৰ পিছতেই গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নিৰ্দেশ দিছিল । ইপিনে বিগত ৪ জুলাইত বৰ্ষাশ্ৰীৰ পৰিয়ালে বৰ্ষাশ্ৰীৰ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আৱেদন কৰিছিল । ইয়াৰ পিছতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত শুনানী গ্ৰহণ কৰি ২৫ হাজাৰ টকাত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আৱেদন মঞ্জুৰ কৰা হয় । আদালতে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন আৱেদন মঞ্জুৰ কৰি ভৱিষ্যতে তেনেধৰণৰ কবিতা নিলিখিবলৈ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সকীয়াই দিয়ে ।