Fearless Press

জল জীৱন আচনি বিসংগতি, কোটি কোটি টকা আত্মসাৎ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া

নাজিৰা , ২০জুলাই ২০২২ :- জল জীৱন আচনি পাইপৰ বিসংগতি বাবে জীয়াতু ভুগিছে একাংশ গাৱঁৰ ৰাইজে। ঘৰে ঘৰে পানী যোগান নামত চৰকাৰে লোৱা জল জীৱন অচনি এতিয়া জনসাধাৰণৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। একাংশ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া ধনৰ লালসাত, পানী যোগান নামত ভেকু ভাওনা পৰিণত হৈছে। তাৰ জলন্ত উদাহৰণ বালিঘাট পানী যোগান আঁচনি। ৰুপম দত্ত নামৰ ঠিকাদাৰ জনে কোটি টকীয়া জল জীৱন অচনি কামৰ নিবিদা লাভ কৰি বিভাগীয় নীতি নিয়ম সকলো উলংঘা কৰি জধে মধে পাইপ সংযোগ কৰা জীয়াতু ভুগিছে বালিঘাট বৃহৎ অঞ্চলৰ ৰাইজে। স্থানীয় ৰাইজ বিভাগীয় কৰ্তৃপক্ষই বহু বাৰ লিখিত অবেদন জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ স্থানীয় ৰাইজ। এটুপি বিশুদ্ধ খোৱা পানী বাবে হাহাকাৰ কৰিব লাগিয়া হৈছে বালিঘাট শতাধিক পৰিয়ালে।

Exit mobile version