গুৱাহাটী,২২ জুলাইঃ আশংকা কৰাৰ দৰেই ৰাজ্যৰ বিৰোধী দলৰ বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্রৌপদী মুৰ্মুক। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ মুঠ ২২জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ কথা স্পষ্ট হৈ পৰিল। এইখিনিতে প্ৰশ্ন হয় যে নিজৰ দলকে বিশ্বাসঘাতকতা কৰা এই বিধায়কসকল কোন। বিৰোধীৰ শিবিৰ হৈছে কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি আই এম। উল্লেখ যে অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯জন। ইয়াৰে বিজেপিৰ ৬৩ জন, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭জন বিধায়ক আছে। আনহাতে বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁটত আছে বি পি এফ। বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক। সেই অনুসৰি এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছে। কিন্তু ভোট গণনাত দেখা গ’ল যে দ্ৰৌপদী মুৰ্মুৱে অসমৰ পৰা মুঠ ১০৪টা ভোট লাভ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’ল ২৭জন। ইয়াৰে তিনিজন নিলম্বিত হৈ আছে। এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল। আনহাতে বিধানসভাত চি পি এমৰ এজন আৰু ৰাইজৰ দলৰ এজন বিধায়ক আছে। ইয়াকে ধৰি বিৰোধী শিবিৰত থকা ৪২জন বিধায়কে ভোট দিছিল। কিন্তু ভোট গণনাত ওলাই পৰিল যে বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিলে মাত্র ২০ জন বিধায়কৰ ভোটহে। বাকী ২২জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ দ্বাৰা দ্রৌপদী মুৰ্মুক জয়ী কৰাত সহায় কৰিলে। ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যালৈ যদি লক্ষ্য কৰা হয় তেনেহ’লে দেখা পোৱা যায় যে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলৰে বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিছে। কিয়নো এ আই ইউ ডি এফৰ ভোটদান কৰা বিধায়কৰ সংখ্যা হৈছে ১৩জন। এনেস্থলত ক্ৰছ ভোটিং কৰা বাকী ৯ জন বিধায়কেই হ’ব লাগিব কংগ্ৰেছ বা আন বিৰোধী দল দুটাৰ। মন কৰিবলগীয়া কথা যে ৰাষ্ট্রপতি নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই কেইবাজনো বিজেপিৰ বিধায়কে মুকলিকৈয়ে ঘোষণা কৰিছিল যে তেওঁলোকে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পৰা কমেও ২০-২২টা ভোট লাভ কৰিব। বিজেপিৰ বিধায়কসকলে কৰা এই দাবী সত্য ৰূপৰ পৰিগণিত হ’ল। উল্লেখ যে ৰাজ্য সভাৰ বিগত নির্বাচনতো ৰাজ্যত বিৰোধী দলৰ বহুকেইজন বিধায়কে ক্ৰছ ভোটিং কৰি ৰাজ্যত যে বিৰোধী ঐক্যবদ্ধ নহয় সেই কথা উদঙাই
দিছিল। ইয়াৰ পাছত এতিয়া ৰাষ্ট্ৰপতি নির্বাচনতো বৃহৎসংখ্যক ক্ৰছ ভোটিং কৰি বিৰোধী বিধায়কসকলে যে গোপনে বিজেপিৰ সৈতে হাত মিলাই আছে সেই কথা পুনৰ প্ৰমাণ হ’ল।