শিৱসাগৰ,২২জুলাইঃ জাতীয় সংগঠনৰ চান্দা সংস্কৃতিৰ ধান্দা এতিয়াৰ পৰা নচলিব। চান্দা আৰু এতিয়াৰে পৰা নহ’ব ধান্দা। সান্দহ খোৱা বালি তল গ’ল একাংশ জাতীয় সংগঠনৰ । চান্দা অপ-সংস্কৃতিৰ বন্ধ কৰিছে হিমন্ত চৰকাৰে । জাতীয় সংগঠন তথা ছাত্ৰ নেতাৰ সম্পত্তিৰ উৎস কি। চান্দা নে আন কিবা। এই কথা সৰ্বসাধাৰণৰ মুখে মুখে । চান্দাৰ নামত ৰাজ্যত চলে একাংশ জাতীয় সংগঠনৰ দাবী, ধমকি আৰু ব্যৱসায়ীক হাৰাশাস্তি। উল্লেখ যে শিৱসাগৰৰ নাজিৰা নগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৫ যুৱকে ব্যৱসায়ীক চান্দা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিছে ১০০০ৰ পৰা ১৫০০টকা পৰ্যন্ত ধন । চান্দা অপ-সংস্কৃতি, ধনদাবীৰ দোকান বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । ব্যৱসায়ী অতিষ্ঠ হৈ নাজিৰা আদৰ্শ আৰক্ষী থানাত খবৰ দিয়ে। উল্লেখ্য যে, এই যুৱক কেইজনে এটা মাহত তিনিবাৰ পৰ্যন্ত ব্যৱসায়ীৰ ওচৰত চান্দা বিচাৰি অহাৰ অভিযোগ তুলিছে স্বয়ং ব্যৱসায়ীয়ে । এইবাৰ চন্দা অপ-সংস্কৃতি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই । এখন TATA NEXON AS 04 AD 0737 নম্বৰৰ বাহনত অহা সুনিল দাস, শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ বাবুল বড়াৰ সৈতে আন তিনিজন যুৱকে নগৰখনৰ একাংশ ব্যৱসায়ীৰ পৰা বিভিন্ন কৌশলেৰে ধন সংগ্ৰহ কৰাৰ তথ্য চি চি টিভি কেমেৰাত আবদ্ধ হৈছে । সামান্তৰালভাৱে নাজিৰা আৰক্ষীয়ে নিশা অভিযান চলাই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ভালে কেইখন ৰচীদ জব্দ কৰিছে। আশ্চৰ্যজনক বিষয়টো হ’ল সংগঠনটোৰ মুখ্য কাৰ্যালয় ডি ডি এ মাৰ্কেট কমপ্লেক্স, চৌকিডিঙ্গি, ডিব্ৰুগড় – ৭৮৬০০১ তথা যুৱক কেইজনে ব্যৱহাৰ কৰা ৰচীদ সমূহত সভাপতি, সাধাৰণ সম্পাদক আৰু বিত্ত সম্পাদকৰ স্বাক্ষ্যৰ সমূহ ষ্টাম্পৰ এক কৌশলগত স্বাক্ষ্যৰে অবৈধ ভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ।
Home অসম আৰু উত্তৰপূব নাজিৰাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্যৰ বিৰুদ্ধে চান্দাৰ নামত ব্যৱসায়ীক হাৰাশান্তি কৰাৰ...