Fearless Press

বিজনীৰ অক্সিগুৰীত বজ্ৰ পৰি এগৰাকী মহিলা নিহত

বিজনী, ২৪জুলাই ২০২২ঃ বিজনীৰ অক্সিগুৰীত বজ্ৰ পৰি এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হয় দুগৰাকী মহিলা। অক্সিগুৰীস্থিত কুকলুং নৈৰ পাৰত সংঘটিত হয় এই ঘটনা।বজ্ৰ পৰি নিহত মহিলা গৰাকী কিংকী কাছুৱা(২৮) আৰু আহত হয় সঞ্জীতা কাছুৱা(২০) আৰু মীনা ওৰাং(৩০)। আহত মহিলা দুগৰাকীক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ঘটনাস্থলিত বল্লামগুৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে। মহিলা কেইগৰাকীয়ে পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত এই ঘটনা সংঘটিত হয়।

Exit mobile version