নিউজ ডেক্স, ২৪জুলাই ২০২২ঃ ধৰ্ষণ কেৱল ঘৃণনীয়। আৰু যদি নাবালিকা নিগ্ৰহৰ গোচৰ হয় তেন্তে সেয়া এক গুৰুতৰ অপৰাধ। বাল্য বিবাহ অবৈধ হোৱাৰ পাছতো আমাৰ দেশৰ বহু ঠাইত এতিয়াও চলি আছে বহু অপৰাধজনক প্ৰথা।দেশত নাবালিকা ধৰ্ষণৰ দৰে ঘটনা বিবাহৰ সুৰুঙাৰ মাজেৰেই সংঘটিত হৈ আছে । এতিয়া সেই বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে দিল্লী উচ্চ ন্যায়ালয়।
বিবাহৰ অজুহাতত নাবালিকাৰ সৈতে যৌন সম্পৰ্ক বা সহবাস কৰাটো ধৰ্ষণ হিচাপে গণ্য কৰা হ’ব।শেহতীয়াকৈ এজন যুৱকৰ বিৰুদ্ধে ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিনৰ শুনানিৰ সময়ত এই কথা স্পষ্ট কৰি দিছে।