ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে উদিয়ানা গাঁওৰ ঠাকুৰীয়া তোলা চুবুৰীৰ পৰা এজন সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰীটোৰ নাম ইমৰাণ আলী। এক অভিযানত আৰক্ষীয়ে ৬.১২ গ্ৰাম ড্ৰাগছ সহ সৰবৰাহকাৰীটোক আটক কৰে। ১৩ তা কনতেইনাৰ সহ এই ড্ৰাগছ খিনি জব্দ কৰা হয়। লগতে আৰক্ষীয়ে তেওঁৰ লগত এখন মটৰ চাইকেল জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে।