Fearless Press

পহিলা আগষ্টৰ পৰা বৃদ্ধি পাব গাখীৰৰ মূল্য

গুৱাহাটী,২৫ জুলাইঃ পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ। গুৱাহাটী মহানগৰীত বৃদ্ধি হ’ব গাখীৰৰ মূল্য। তাৰ সমান্তৰালকৈ বৃদ্ধি পাব গাখীৰেৰে প্ৰস্তুত কৰা সামগ্ৰীৰো মূল্য। ১ আগষ্টৰ পৰা ৪ টকা প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তত বৃহত্তৰ গুৱাহাটী গৌ পালক সংস্থাৰ। পূৰ্বতে গাখীৰৰ খুটি মূল্য আছিল ৫০ টকা। ১ আগষ্টৰ পৰা খুটি মূল্য ৪ টকা বৃদ্ধি কৰি ৫৪ টকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌ পালক সন্থাই। উল্লেখ যে গুৱাহাটী গৌ পালক সংন্থাৰ অধীনত ১০৫০খন ফাৰ্ম আছে। প্ৰতিদিনে উৎপাদন হয় ১লাখ ৫১ হাজাৰ ২০০লিটাৰ। নতুন নিৰিখৰ ফলত গুৱাহাটী মহানগৰীত গাখীৰৰ পাইকাৰী মূল্য ৬৫টকালৈ বৃদ্ধি পাব।

Exit mobile version