তিনিচুকীয়া,২৫জুলাই: আজি “বিশ্ব হিন্দু ফেডাৰেচন”তিনিচুকীয়া জিলা সমিতিৰ কৰ্মী সকলে তিনিচুকীয়া জিলা উপাযুক্তৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উক্ত স্মাৰকপত্ৰৰ জৰিয়তে জনোৱা হৈছে যে তিনিচুকীয়াৰ পুৰণি ৰেলৱে ষ্টেচনৰ দেৱালত দেৱ-দেৱীৰ ছবি অংকন কৰা হৈছে, য’ত “মা কামাখ্যা মন্দিৰ”, “টিলিঙা মন্দিৰ”, ” শিৱসাগৰৰ শিৱ দৌলৰ চিত্ৰ”, হনুমানৰ প্ৰৰ্ত্তিছবি, “অসমৰ গৌৰৱ “বীৰ লাচিত বৰফুকন” আৰু বহুতো ধৰ্মীয় স্থানৰ চিত্ৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে অংকন কৰা হৈছে।
কিন্তু তিনিচুকীয়াৰ একাংশ দুখীয়া মনৰ লোক, যিসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকে সেই ছবিসমূহত থু পেলায় ধৰ্মীয় আৱেগক আঘাত দি ৰাস্তাত লেতেৰা বিয়পোৱাৰ লক্ষ্যৰে ঘূৰি ফুৰিছে লগতে এচাম ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক অট্টালিকাত দেৱ-দেৱীৰ ছবি লগাই ইয়াত থুই নেপেলাব বুলি লিখা আছে এই সকলোবোৰ বৰ দুখৰ কথা বুলি স্মাৰক পত্ৰৰ জৰিয়তে জিলা উপায়ুক্তক ব্যক্ত কৰিছে । সভাপতি দিলীপ শৰ্মাই কয় যে এফালে সমগ্ৰ দেশতে চৰকাৰে স্বচ্ছ ভাৰত অভিযান চলাই আছে, আনফালে এচাম দুষ্টচক্ৰৰ ব্যক্তিয়ে কূটনৈতিক কাৰ্য্য কৰি চৰকাৰৰ এই অভিযান ভৰিৰে মোহাৰি দিছে। লগতে তেওঁ কয় যে যিসকল লোকে এনে কাৰ্য্য কৰি ভাল পায়, তেওঁলোকৰ কেতিয়াও উন্নতি নহয় ।
সেয়ে বিনম্ৰভাৱে আৰু অতি দুখেৰে তেখেতে অনুৰোধ কৰে যে পথৰ দাঁতিত আৰু ৰাজহুৱা স্থানৰ পৰা দেৱতাৰ ছবি ক্ষিপ্ৰতাৰে আঁতৰাই ঠাইখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ নদী, পৰ্বত, ফুল আদিৰ ছবি আঠা লগাই দিব লাগে।একে সময়তে তেওঁ কয় যে সম্ভৱ হ’লে জিলাখনত “গুটখা, ধঁপাত” জাতীয় সামগ্ৰী বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাই ।
ইয়াৰ সমান্তৰালকৈ বিশ্ব হিন্দু মহাসংঘৰ সভাপতি দিলীপ শৰ্মাই নগৰখনৰ সৌন্দৰ্য ক্ষতি কৰা লোকসকলকো সকীয়াই দিছে আৰু এনে লেতেৰা বিয়পাই নিদিবলৈ অনুৰোধ জনাইছে।