বিশ্বনাথ, ২৬ জুলাই ২০২২ : ৰাজ্যত দৈনিক নাবালক, কিশোৰ কিশোৰী সৰাবৰাহৰ ঘটনা বৃদ্ধি পাই আহিছে। ৰাজ্যত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ পিছতো একাংশ লোকে সাধাৰণ খাতি খোৱা ঘৰৰ যুৱতী, কিশোৰীক বিভিন্ন প্ৰলোভনেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি অহা ঘটনা ঘটিয়েই আছে । শেহতীয়াকৈ বিহালী বিধানসভা সমষ্টিটো দেখা পোৱা গৈছে এনে চক্ৰৰ সক্ৰিয় অৱস্থিতি । যোৱা নিশা বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে’ৰ তৎপৰতাত মাতৃ আৰু পুত্ৰ দুই মানৱসৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, হেলেমৰ পৰা ব্যক্তিগত চাহ বাগিছাত ঘৰ সাজি শ্ৰমিক হিচাপে থাকি কাম কৰিবলৈ অহা এজন যুৱকৰ লগত কেইদিনমান ধৰি নিজৰ ভগ্নী গৰাকীও আছিল। দুদিন ধৰি ভগ্নী গৰাকী ঘৰ আহি নোপোৱাত যুৱকজনে আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে। বৰগাং আৰক্ষীয়ে এই ঘটনাৰ পম খেদি লগতে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ তাঁতী আৰু বিষয়ববীয়া পৱন বাউৰীৰ তৎপৰতাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী চলাই এখন ইক’ বাহনত অহা সৰবৰাহকাৰীক আটক কৰে আৰু কিশোৰী গৰাকীক উদ্ধাৰ কৰে । ই’ক’ বাহনখনত অপহৰণ কৰা কিশোৰী গৰাকীক প্ৰথমে বিশ্বনাথ ৰেল ষ্টেচনলৈ লৈ গৈ তাৰ পিছত গুৱাহাটীৰ হৈ ৰাজস্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ধৃত সুৰজ শৰ্মা আৰু সুৰজৰ মাতৃ ইন্দিৰা দেৱীয়ে। ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰথম অৱস্থাত ৫ গৰাকী লোকক আটক কৰিছিল যদিও সোধপোচ আৰু প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত ২ গৰাকীক হে আজি হাজোতলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰু কোনো লোক ইয়াত জড়িত আছে নেকি তাৰ তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।