শ্ৰীৰামপুৰ-গোসাইগাঁও ২৬ জুলাইঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁ‌ও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে আজি বিয়লিৰ ভাগত অভিযান চলাই গাঞ্জা ভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকৰ খালাচীক আটক কৰে। গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত শিমুলটাপু আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰত ৩১ নম্বৰ “গ” ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচী চলাই ইউ পি ১৫ ডি/টি ২২৬৪ নম্বৰৰ এখন ট্ৰাক আটক কৰে। আটকাধীন ট্ৰাক খনক শিমুলটাপু আৰক্ষী চকীত আনি তালাচী চলাই ট্ৰাকখনত বিশেষ পদ্ধতিৰে লুকুৱাই অনা বৃহৎ পৰিমাণৰ গাঞ্জা থকা বুলি প্ৰত্যক্ষ কৰে।ট্ৰাকখনৰ পৰা মুঠ ১৩১ পেকেট (১৯২০ কিলোগ্ৰাম) গাঞ্জা উদ্ধাৰ কৰি গাঞ্জাখিনি জব্দ কৰা হয় আৰু ট্ৰাক খালাচী মনিপুৰৰ ইম্ফলৰ নিবাসী মোঃ ফাৰুক হুছেইনক আটক কৰি আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। জব্দ কৃত গাঞ্জাৰ বজাৰ মূল্য চাৰি কোটি টকাৰ অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ উল্লেখ্য যে গাড়ীৰ চালকজন সুযোগ বুজি পলাই সাৰে যদিও খালাচীজন আৰক্ষীৰ জালত পৰে ৷ উক্ত খবৰ পাই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে বিজয় কুমাৰ আৰু গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া নবনীতা শৰ্মা শিমুলটাপু আৰক্ষী চকীত উপস্থিত হৈ জব্দকৃত গাঞ্জাৰ বুজ লয় ৷