মাৰ্ঘেৰিটা, ২৭ জুলাই ২০২২ : ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাঘেৰিটা খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ বিৰুদ্ধে আজি এজেৱাইচিপিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিগবৈ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে পেঙেৰী অঞ্চলত প্ৰায়ে উপদ্ৰৱ চলাই আহিছে। বিশেষকৈ খাটাংপানী, লালমাটি , মানমৌজান , নগাপথাৰ গাঁৱত ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰে।বন্য হাতীয়ে বছৰত তিনি চাৰি বাৰকৈ একেটা পৰিয়ালৰ ঘৰকে ভাঙি থকা উদাহৰণ একাধিক আছে। বন বিভাগে বিভিন্ন সময়ত বন্য হস্তীৰ সন্ত্ৰাস সমাধানৰ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।যাৰ পৰিপ্ৰেক্ষিতত আজি এজেৱাইচিপি ৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। খাটাংপানী খণ্ড বন বিভাগক কাৰ্যালয়ৰ সন্মুখত অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে বন বিভাগ হায়,হায়, অসম চৰকাৰৰ হায় হায় ,বনমন্ত্ৰী কাম নাই আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে অনাগত দিনত বন বিভাগে বন্য হস্তীৰ সন্ত্ৰাস সমাধান কৰিব নোৱাৰিলে বন বিভাগৰ বিৰুদ্ধে ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে।