বঙাইগাঁও, ২৭জুলাই ২০২২ : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ভিতৰুৱা এলেকাত অসামাজিক কাৰ্য্যকলাপত বৃদ্ধি পাই আহিছে। প্ৰতিদিনে তীৰ, জুৱা খেলৰ লগতে নিষিদ্ধ ভাঙৰ বেহা অব্যাহত আছে। দৃশ্যটো লৈ মন কৰক। কোকিলা থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰমান নিলগত এটা ঘৰ নিৰ্মান কৰি এজন বৃদ্ধই নিষিদ্ধ গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দি আহিছে। হজৰত আলী নামৰ বৃদ্ধজনে প্ৰতিদিনে ২০-৩০ জন যুৱকক নিষিদ্ধ গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়ে। এইক্ষেত্ৰত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ ৰহস্যজনক ভুমিকা। থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰমান নিলগত এইদৰে নিষিদ্ধ গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়াৰ পিছতো আজিলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰাটো ৰহস্যজনক। আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক কোকিলা অঞ্চলৰ অসামাজিক কৰ্ম কাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে।