হাটশিঙীমাৰী, ২৭ জুলাই ২০২২ঃ বাল্যবিবাহ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ আইন অনাৰ পাছতো ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষাৰ ভয়ংকৰ তথ্যই কঁপাইছে দক্ষিণ শালমাৰা মানকাচৰ জিলা৷ কিয়নো ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় পৰিয়াল চমুকৈ NFHS-5 ৰ সমীক্ষা মতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ ভিতৰত ৪৪.৫ শতাংশ বিবাহেই বাল্য বিবাহ । বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ আইন অনাৰ পাছতো এতিয়াও জিলাখনত গোপনে বহু ব্যক্তিগত কাজি, ইমাম সকলে এনে বাল্য বিবাহ কৰাই আহিছে। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষা চমুকৈ NFHS-5 ৰ এই ভংয়কৰ সমীক্ষাক লৈ যোৱা ১৯ জুলাই তাৰিখে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্য়ালয়ত মুঠ ২৬ টা বিভাগৰ মুৰব্বীক লৈ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। জিলাখনত বাল্য বিবাহ বন্ধ কৰাৰ বাবে সভাখনৰ জৰিয়তে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা পৰিলক্ষিত হয়৷ তাৰ ভিতৰত গুৰুত্ব পূৰ্ণ বিষয় হল এতিয়াৰ পৰা জিলাখনত চৰকাৰী কাজীৰ বাহিৰে কোনো ব্যক্তিগত কাজি, ইমাম বা কাজিৰ এজেণ্ট সকলে মুছলিম বিবাহ সম্পন্ন কৰিব নোৱাৰিব।

লক্ষণীয় বিষয় এয়া যে, জিলাখনত মুঠ তিনি জন চৰকাৰী কাজী আছিল যদিও ইতিমধ্যে দুজনকৈ চৰকাৰী কাজীক জিলা প্ৰশাসনৰ দ্বাৰা নিলম্বন কৰা হৈছে। বৰ্তমানে জিলাখনত চৰকাৰী কাজী মাত্ৰ এজন৷ জিলা প্ৰশাসনৰ এই সিদ্ধান্তৰ পাছতেই জিলাখনত মুছলিম বিবাহক লৈ এক প্ৰকাৰে হাহাকাৰৰ সৃষ্টি হৈছে৷ কিয়নো মুঠ ৩৫ খন গাওঁ পঞ্চায়ত এলেকাক সামৰি লৈ গঠন হোৱা জিলাখনত মাত্ৰ এজন চৰকাৰী কাজীয়ে কিদৰে বিবাহ কৰাব তাক লৈ চৰকাৰী কাজী মৌলানা আবুল কালাম কাছিমীৰ লগতে সাধাৰণ লোক চিন্তিত হৈ পৰিছে।ফলত সোমবাৰে সদৰ চৰকাৰী কাজী কাৰ্যালয়ত জিলাখনৰ ৯৬ গৰাকী গাওঁ প্ৰধানক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়৷ জিলাখনত প্ৰতিদিনে প্ৰায় ১৫-২০ খন বিবাহ সম্পন্ন হয়। মাত্ৰ এজন কাজীয়ে অকলে গোটেই জিলাখনত হোৱা বিবাহ সম্পন্ন কৰাটো অসম্ভব হৈ পৰিব চৰকাৰী কাজীৰ বাবে৷ যাৰ ফলত অতি কমেও জিলাখনত থকা ৫ খন জিলা পৰিষদ এলেকাত ৫ টা উপ কাজীৰ কাৰ্যালয় গঠন কৰাৰ দাবী গাঁওবুঢ়া তথা চৰকাৰী কাজীৰ লগতে জিলাখনৰ সচেতন মহলৰ৷