তিনিচুকীয়া, ২৮জুলাই: তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত থকা মেচাৰ্চ গগৈ ব্ৰাদাৰ্চ ফিলিং ষ্টেচন নামৰ এটা তেল ডিপুত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ তেল সহ টেংকাৰ কেইখন ।

ডিগবৈস্থিত অইল আই অ চি পৰা তিনিচুকীয়াৰ ৰেল বিভাগলৈ অহা টেংকাৰ মেচাৰ্চ গগৈ ব্ৰাদাৰ্চ ফিলিং ষ্টেচন নামৰ এটা তেল ডিপুটোত ৰখাই ড্ৰামত ভৰাই থকাৰ সময়তে আৰক্ষী উপস্থিত হৈ জব্দ কৰে টেংকাৰ সহ তেলখিনি ।
লগতে তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে দীৰ্ঘদিনধৰি এই পেট্ৰল পাম্পটোত টেংকাৰ পৰা তেল চুৰিকাৰ্য কৰি অহাৰ কথা আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যদিও এটা প্ৰভাৱশালী চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে ৷
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে AS23CC1322, AS23BC6299, আৰু AS01GC8536 নম্বৰৰ তিনিখন টেংকাৰ সহ ইতিমধ্যে টেংকাৰৰ পৰা খালি কৰা সাতটা তেলভৰ্ত্তি ড্ৰাম জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে ঘটনাস্থলীৰ পৰা ইতিমধ্যে টেংকাৰ কেইখনৰ ড্ৰাইভাৰ, মেচাৰ্চ গগৈ ব্ৰাদাৰ্চ ফিলিং ষ্টেচন নামৰ তেল ডিপুটোৰ মালিক সহ এজন স্থানীয় যুৱকক আটক কৰিছে আৰক্ষীয়ে ।
আটকাধীন লোক কেইগৰকী তেল ডিপুটোৰ মালিক পৰাগজ্যোতি গগৈ , ড্ৰাইভাৰ দীপু মাহাতু , মোহন মাহাতু , সুৰজ থাপা আৰু স্থানীয় যুৱক পৰাণ গগৈ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে দৈনিক তিনিচুকীয়া জিলাৰ পৰাই এইদৰে বহিৰাগত ৰাজ্যলৈ সৰবৰাহ হয় চোৰাং তেলৰ কলা বেহা ।