Fearless Press

তিনিচুকীয়াৰ ডুমডুমাত পুঁজিপতি বনিয়াই বিঘাই বিঘাই চৰকাৰী মাটি বেদখল কৰি পাতিছে চাহ বাগান৷থলুৱাক উচ্ছেদ কৰা তিনিচুকীয়া প্ৰশাসনে ব্যৱস্থা ল’ব পাৰিবনে পুঁজিপতি বনিয়াৰ দলটোক

২৮ জুলাই : তিনিচুকীয়াৰ ডুমডুমাত ৰাজহ চক্ৰ বিষয়াই ২০২১ চনৰ ২৩ আগষ্টত ডুমডুমাৰ পুঁজিপতি বনিয়া শ্ৰীপ্ৰকাশ লাহতী,ত্ৰিজুক লাহতী,মোহনলাল লাহতী আৰু অবিনাশ লাহতীলৈ প্ৰেৰণ কৰা চৰকাৰী জাননী৷ ডুমডুমা ৰাজহ চক্ৰৰ অধীনত কৰ্দৈগুৰি অঞ্চলৰ গটং গাঁও,দৰ্জিজান গাঁও আৰু কেচেৰুগুৰি গাঁৱত ৪৯ বিঘা,১কঠা,১৩ লোচা চৰকাৰী ভূমি বেদখল কৰি চাহ বাগান পাতি বছৰ বছৰ ধৰি ব্যৱসায় চলাই থকা এই চাৰিজন লাহতী ককাইয়েক ভায়েকক চৰকাৰী ভূমিখনি ৭ দিনৰ ভিতৰত বেদখল মুক্ত কৰিবলৈ প্ৰেৰণ কৰিছিল এই জাননী কিন্তু জাননীত দিয়া সাত দিনৰ সময়সীমাৰ মাজতে সুযোগ গ্ৰহণ কৰি চাৰিও লাহতী ব্ৰাদাৰ্চে আদালতৰ কাষ চাপি উচ্ছেদৰ বিষয়টো হস্তক্ষেপ বিচৰাত আদালতে বিষয়টো হস্তক্ষেপ কৰাত বেদখল মুক্ত কৰিব নোৱাৰি তিনিচুকীয়া প্ৰশাসনে মুখঠেকেচা খাইছে৷ এই চাৰি বনিয়াই ৪৯ বিঘা বাগান উচ্ছেদ কৰিলে পেটৰ ভাত মৰিব বুলি ভুল তথ্য দি আদালতকো বিপথে পৰিচালিত কৰোৱাই আদালতত বিষয়টো মিমাংসা পৰা দূৰত ৰাখিছে৷ এই চাৰি লাহতী ব্ৰাদাৰ্চৰ ডুমডুমাত প্ৰেট্ৰল পাম্পকে ধৰি আছে অনান্য ব্যৱসায়৷ইপিনে সমগ্ৰ ঘটনাটোৰ বিষয়ে কৰদৈগুৰি আঞ্চলিক যুৱক সংঘই তিনিচুকীয়া সংবাদমেল আয়োজন কৰে।অতি সোনকালে উক্ত চৰকাৰী ভুমি বেদখল মুক্ত কৰি বানত ক্ষতিগ্ৰস্থ হোৱা কৰদৈগুৰিৰ লোক সকলক সংস্থাপন দিবলৈ দাবী জনাইছে।

Exit mobile version