লখিমপুৰ, ৩০ জুলাই ; ৰাজ্যত ৰাজ সাহাৰ্য যুক্ত ইউৰীয়া সাৰক লৈ সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । শেহতীয়াকৈ লখিমপুৰত ফাদিল হৈছে এই কেলেংকাৰী । যত সাৰৰ নামত সংঘটিত এই কেলেংকাৰীৰ বাবেই সুলভ মূল্যৰ ৰাজ সাহাৰ্যযুক্ত সাৰ ৰাইজে লাভ নকৰিলে ৰাইজে । প্ৰাপ্ত অভিযোগ মতে বিতাৰকৰ ওচৰতো নাই ২২৪ মেট্ৰিকটন সাৰৰ তথ্য ।জানিব পৰা মতে -৫ টকা মূল্যৰ ৰাজ সাহার্যযুক্ত ইউৰীয়া কৃষকে ক্ৰয় কৰিব লগা হল ১৫ ৰ পৰা ২৪ টকা দৰত । বিশেষকৈ এখন সাৰৰ কলা বজাৰ তৈয়াৰ কৰি বিতৰকে লুটি-পুতি খালে কৃষকক বাবে আবন্টন পোৱা বৃহৎ পৰিমাণৰ সাৰ । উল্লেখ যে শেহতীয়া কৈ হিন্দু যুৱ ছাত্ৰও পৰিষদে আৰ টি আই যোগে কৃষি বিভাগৰ পৰা তথ্য বিচাৰে যদিও তেওঁলোকে তথ্য দিয়াত অপাৰগতা প্ৰকাশ কৰে । লাভ কৰা তথ্যত অসম বীজ ভাণ্ডাৰ লখিমপুৰ,জয় নাৰায়ণ ৰাইচ মিল নাৰায়ণপূৰ ,বৰ্মন বীজ ভাণ্ডাৰ, কৃষ্ণ কান্ত দাস লালুক , আদিৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ জালিয়তিৰ অভিযোগ তুলিছে ।প্ৰায় ২২ কোটি টকীয়া এই কেলেংকাৰীৰ তদন্ত বিচাৰিছে কৃষক ৰাইজৰ লগতে হিন্দু যূৱ ছাত্ৰ পৰিষদে । ৰাইজৰ প্ৰশ্ন কোটি কোটি টকাৰ সাৰ যদি কৃষকে পোৱাই তাই তেন্তে এই বৃহৎ পৰিমাণৰ গল কলৈ ইয়াৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।ইফালে আজি এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যলয়ত পাঁচ বিতাৰক আৰু জিলা কৃষি বিষয়া (নডেল বিষয়া ) ৰ মাজত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ই কৃষি বিভাগৰ নডেল বিষয়াক আৰ টি আই আবেদন কাৰিক তথ্য দিব নোৱাৰাৰ বাবে তীব্ৰ ধমক দিয়ে । আনহাতে পাঁচ বিতাৰকক অতিৰিক্ত উপায়ুক্ত ই সাত দিনৰ সময় বান্ধি তেওঁলোকে কোন কোন খুচুৰা বিক্ৰেতাক সাৰ যোগান ধৰিলে তাৰ শবিশেষ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।