Fearless Press

লখিমপুৰত মন্ত্ৰী সঞ্জয় কিষাণে পেঞ্চনাৰৰ বাবে মুকলি কৰিলে পেঞ্চন সেৱা কেন্দ্ৰ

লখিমপুৰ, ৩০ জুলাই ; লখিমপুৰত অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আজি মুকলি কৰিলে পেঞ্চন সেৱা কেন্দ্ৰ । বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত সংলগ্ন এই সেৱা কেন্দ্ৰ আনুষ্ঠানিক ভাবে মুকলি কৰি মন্ত্ৰী গৰাকীয়ে ভাগ লয় শিক্ষা বিভাগৰ বিভিন্ন ব্যক্তি উপস্থিত উদ্বোধনী সভাত আগন্তুক সময়ত এই পেঞ্চন সেৱা কেন্দ্ৰই অবসৰ গ্ৰহণ কৰা শিক্ষক -কৰ্মচাৰী সকলৰ কাম কাজত বিশেষ ভাবে সহায় কৰিব বুলি মন্তব্য কৰে ।মন্ত্ৰী গৰাকীয়ে লগতে কয় _ পবিত্ৰ শিক্ষা বৃত্তিত জড়িত শিক্ষা বিভাগৰ ব্যক্তি সকলে আগৰ সময় খিনিত অবসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চন লাভৰ বাবে যথেষ্ট কষ্টৰ সন্মুখীন হব লগা হৈছিল ।
সেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া এইদৰে জিলাই জিলাই আৰম্ভ কৰা হৈছে পেঞ্চন সেৱা কেন্দ্ৰ । ইফালে অসম অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সঞ্জয় কিষাণে ক’লে _ ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজত সঘনাই আলোচনা চলি আছে আৰু অতি সোনকালে এই সীমা সমস্যা সমাধান হব ।

Exit mobile version