লখিমপুৰ, ৩১ জুলাই ; গুমৰাগৰ নৃত্যত আজি প্ৰাণ পাই উঠিল ঐতিহাসিক ঘুনাসুতিৰ বুকু । খেতিৰ বতৰত আৰু বাৰিষাৰ বৰষুণকো নেওচি শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিল মুকলি মূৰীয়াকৈ । কিয়নো আজি দেওবাৰৰ দিনটোত ঘুনাসুতিৰ বাবে এক উল্লেখযোগ্য দিন ।ঘুনাসুতিত আৰম্ভ কৰা হৈছে ঘুনাসুতি বাসীৰ সপোনৰ “পানেই -জংকী ক্ষেত্ৰ ” নিৰ্মাণৰ কাম । এই প্ৰকল্পৰ আনুষ্ঠানিক ভাবে কাম কাজ আৰম্ভ কৰা হয় ঘুনাসুতি তিনিআলিত । প্ৰাথমিক পৰ্যায়ত এই প্ৰকল্পৰ বাবে দুই বিঘা ভূমি আগবঢ়াইছে প্ৰয়াত মনিবৰ মিলিৰ স্মৃতিত তেওঁৰ পাঁচ পুত্ৰই । এই পানেই জংকী ক্ষেত্ৰত থাকিব মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ঘৰ _ আঁচ বাব পত্ৰ, পানেই জংকীৰ প্ৰতিমূৰ্তি, পুথিভঁৰাল, শিশু উদ্যান , সংগ্ৰহালয় আদি । সম্পূৰ্ণ মিচিং জনগোষ্ঠীয় সংস্কৃতিক তুলি ধৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই প্ৰকল্পৰ কাম ।
ইয়াৰ জৰিয়তে নিশ্চিত ভাবে আন এক মৰ্যদা লাভ কৰিব ঘুনাসুতিয়ে । সেই উপলক্ষেই আজি আয়োজিত হয় এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান । মিচিং ডেকা -গাভৰুৰ গুমৰাগ নৃত্যৰ ধ্বনিত প্ৰাণ পাই উঠে ঘুনাসুতি । আজি আনুষ্ঠানিক ভাৱে নাম ফলকৰ শুভ উদ্বোধন কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে ।সভাত সভাপতিত্ব কৰে পানেই জংকী নিৰ্মাণ সমিতিৰ সভাপতি ডা. ডম্বৰুধৰ মিলিয়ে । অনুষ্ঠানত উপস্থিত থাকে দাতা পৰিয়ালৰ সদস্য সকলৰ লগতে কবি যোগেন টাইড, খাদ্য সুৰক্ষা বিষয়া কৰুণা কান্ত দলে তথা টি এম পি কেৰ বিষয়ববীয়া সকল আৰু উপস্থিত থাকে ঘুনাসুতিৰ গণ্য ব্যক্তি সকল ।