মৰাণ, ৩১জুলাই ২০২২ঃ চৰাইদেউ জিলাৰ মৰাণ শান্তিপুৰত নিজ ঘৰত বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দম্পতি ৷ মৰাণ শান্তিপুৰৰ নিবাসী নিতুপন দাস আৰু পিংকী শইকীয়া নামৰ দম্পতিৰ ঘৰত বনকৰা ছোৱালী হিচাপে থকা জজলি পাঁচআলিৰ জোনালী মূড়া (১৫) নামৰ এগৰাকী কিশোৰীক গাত গৰমপানী ঢালি, ডিঙি চেপি অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল দম্পতিহালৰ বিৰুদ্ধে ৷বিগত প্ৰায় এবছৰ ধৰি জোনালী মূড়া বনকৰা ছোৱালী হিচাপে আছিল দম্পতিহালৰ গৃহত ৷ কিন্তু বিগত প্ৰায় চাৰিমাহৰ পৰা ভাৰতীয় চাহ বৰ্ডৰ বিষয়া নিতুপন দাসৰ পৰিবাৰ তথা ৰেচম বিভাগৰ বিষয়া পিংকী শইকীয়াই সামান্য কথাতে নিৰ্মম অত্যাচাৰ চলাই অহাৰ অভিযোগ কৰিছে কিশোৰীগৰাকীয়ে ৷ শেহতীয়াকৈ যোৱা ২৩ জুলাইত কিশোৰীগৰাকীৰ পিঠিত গৰমপানী ঢালি অত্যাচাৰ কৰাত নিশাই কিশোৰীগৰাকী ১৬ কিল’মিটাৰ দূৰৰ জজলী পাঁচআলিৰ ঘৰলৈ পলাই যায় ৷ ইয়াৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু মহিলা সমিতিৰ কৰ্মকৰ্তা আহি মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইয়াৰ পাছতে মৰাণহাট আৰক্ষীয়ে গোলাঘাটৰ পৰা দম্পতিহালক গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে ৷ আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷