নিউজ ডেক্স ঃপশ্চিম বংগ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ পাছত এইবাৰ হাওৰাত ঝাড়খণ্ডৰ তিনি কংগ্ৰেছৰ বিধায়কৰ গাড়ীৰ পৰা লাখ লাখ টকা উদ্ধাৰ কৰাক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে সমগ্ৰ দেশজুৰি । ক’ৰ পৰা আহিল এই টকা, সেয়াও এতিয়া লাখ লাখ টকাৰ প্ৰশ্ন। আনহাতে তৃণমূল আৰু কংগ্ৰেছৰ অভিযোগ যে মহাৰাষ্ট্ৰৰ পিছত ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰক উৎখাত কৰিবলৈ বিজেপিৰ এয়া এক ষড়যন্ত্ৰ । অৱশ্যে এই টকা উদ্ধাৰ হৈছে কংগ্ৰেছ বিধায়কৰ গাড়ীত। তিনিওজন বিধায়কৰ পৰিয়াল আৰু অধিবক্তাই এতিয়া দাবী কৰিছে যে তিনিওজনে জনজাতীয় উৎসৱৰ বাবে বৰাবজাৰৰ পৰা শাৰী কিনিবলৈ আহিছিল। প্ৰতি বছৰে বৃহৎ সংখ্যক শাৰী ক্ৰয় কৰা হয়। উদ্ধাৰ হোৱা নগদ ধনখিনিয়েই সেই শাৰী কিনিবলৈ অনা টকা। অৱশ্যে আৰক্ষীৰ ফালৰ পৰা এতিয়াও কোনো মন্তব্য দিয়া নাই।উল্লেখ্য যে, শনিবাৰে নিশা পাঞ্চলাৰ ৰাণীহাটী জংচনত এখন ক’লা গাড়ীৰ পৰা আৰক্ষীয়ে বহু নগদ ধন উদ্ধাৰ কৰে। গাড়ীখনত আছিল ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়ক। গোটেই নিশা পাঞ্চলা আৰক্ষী থানাত তেওঁলোকক সোধা-পোছা কৰা হয়। ইতিমধ্যে চি আই ডি আৰু আয়কৰ বিষয়াও থানাত উপস্থিত হৈ জেৰা অব্যাহত ৰাখিছে । জানিব পৰা মতে গাড়ী খনৰ পৰা মুঠ ৪৯ লাখ টকা উদ্ধাৰ কৰা হৈছে। ইফালে, দেওবাৰে পুৱা প্ৰায় চাৰি বজাত তিনিওজন বিধায়কৰ পৰিয়ালৰ লোক আৰু তেওঁলোকৰ অধিবক্তাও আহি উপস্থিত হৈছে । কিন্তু পৰিয়াল আৰু অধিবক্তাই অভিযোগ কৰিছে যে বিধায়কসকলক এতিয়াও সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া নাই।