তিনিচুকীয়া ৩১ জুলাই: তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈ বিধানসভা সমষ্টি তথা জনস্বাস্থ্য কাৰীকৰি বিভাগ ডিগবৈ উপ-সংমণ্ডলৰ অধীনৰ ৪ টা নলী পানী যোগান আঁচনিৰ আজি শুভউদ্বোধন কৰি পানী উপভোক্তা কমিতি তথা বগাপানী পঞ্চায়তৰ হাতত অৰ্পণ কৰে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাননীয় কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী মহোদয়ে। এই নলী পানী যোগান আঁচনিৰ শুভউদ্বোধনী অনুষ্ঠানত ডিগবৈ সমষ্টিৰ বিধায়ক শ্ৰী সুৰেন ফুকন, তিনিচুকীয়া জিলাৰ জলজীৱন মিছনৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী ছৰফ্ৰাজ হক প্ৰমুখ্যে জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আজি উদ্বোধন কৰা চাৰিটা আচঁনি হৈছে ক্ৰমান্বয়ে ৯১.১৭ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বগাপানী চাহ বাগিচা ২ নং লেবাৰ লাইন নলী পানী যোগান আঁচনি, ৮০.৭৮ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বগাপানী চাহ বাগিচা ৩ নং লেবাৰ লাইন নলী পানী যোগান আঁচনি, ৮৫.০৯ লাখ টকাৰে নিৰ্মাণ কৰা বগাপানী চাহ বাগিচা ১০ নং লেবাৰ লাইন নলী পানী যোগান আঁচনি আৰু ৮৮.৫৭ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বগাপানী চাহ বাগিচা ১৬ নং লেবাৰ লাইন নলী পানী যোগান আঁচনি। আনহাতে বগাপানী চাহ বাগিচা ২ নং লেবাৰ লাইন নলী পানী যোগান আঁচনিটোয়ে ১৮০ ঘৰ, বগাপানী চাহ বাগিচা ৩ নং লেবাৰ লাইন নলী পানী যোগান আঁচনিটোয়ে ১৬০ ঘৰ, বগাপানী চাহ বাগিচা ১০ নং লেবাৰ লাইন নলী পানী যোগান আঁচনিটোয়ে ১৬৫ ঘৰ আৰু বগাপানী চাহ বাগিচা ১৬ নং লেবাৰ লাইন নলী পানী যোগান আঁচনিটোয়ে ১৭৫ টা ঘৰত নলী যোগে পানীৰ যোগান দিবলৈ সক্ষম হব।