👉 বিশিষ্ট লেখক, গৱেষক ড০ প্ৰফুল্ল মহন্ত গুৰুতৰভাৱে অসুস্থ। অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱক স্বৰূপ ড০ মহন্ত জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশয়ী হৈ আছে ভেটাপাৰাৰ নিজা বাসগৃহত।
👉 কমনৱেলথ গেমছত অসমৰ পৰা এটা পদক প্ৰায় নিশ্চিত হৈছে। সোমবাৰে অনুষ্ঠিত চেমি ফাইনেলত ভাৰতীয় মহিলা জাতীয় দলে লন বলত নিউজিলেণ্ডক পৰাস্ত কৰে।
👉 মধ্য প্ৰদেশত এখন চিকিৎসালয়ত হোৱা অগ্নিকাণ্ডত অতি কৰুণভাৱে ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জবলপুৰ নগৰৰ দমোহনাকা নামৰ ঠাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত এই অগ্নিকাণ্ড সংঘটিত হয়।
👉 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে মিছন ভূমিপুত্ৰ প’ৰ্টেলৰ।
👉 পেট অৰ্থাৎ ‘আছাম পলিটেকনিক এডমিশ্যন টেষ্ট’ ২০২২ৰ ফলাফল ঘোষণা কৰা হ’ব ২ আগষ্ট ২০২২, মঙ্গলবাৰে। এই কথা টুইটাৰযোগে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।