ৰঙিয়া, ২ আগষ্ট: ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়াই নিলে এগৰাকী মহিলাক। দুৰ্ঘটনা কৰিয়ে পলায়ন কৰে তীব্ৰবেগী বাহনখন।
ঘটনা অনুসৰি নিজ ঘৰৰ পৰা পুঠিমাৰিৰ পিতৃ গৃহলৈ যাবলৈ লওতে কৰুণ মৃত্যুক সাৱতিলে ৰঙিয়া মুৰৰাৰ ৰহিদা বিবি নামৰ মহিলাগৰাকীয়ে। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই তীব্ৰবেগী বাহনৰ খুন্দত থিতাতে নিহত হয় মহিলাগৰাকী ।
স্থানীয় ৰাইজে ৰঙিয়া আৰক্ষীক খবৰ দিয়াৰ লগে লগে ঘটনাস্তলিত আৰক্ষী উপস্থিত হৈ মৃতদেহ ৰঙিয়া থানালৈ নিয়ে।