ৰঙিয়া, ৩ আগষ্টঃ ৰঙিয়া গড়ভিতৰ বালাগাঁৱত একেটা পৰিয়ালৰ তিনি ভাই-ককাইৰ মাজত হোৱা ভুমিকেন্দ্ৰিক বিবাদে অৱশেষত চূড়ান্ত ৰূপ লয় । নিজৰ ভুমিত ভুঁইৰুই থকা অৱস্থাতে একেটা পৰিয়ালৰে দুই মহিলাই মহিলা গৰাকীক পথাৰৰ মাজতে গুৰুলা-গুৰুলৈ মাৰধৰ কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । মাধৱী কলিতা আৰু কল্পনা কলিতা নামৰ একেটা পৰিয়ালৰে মনিমা কলিতা নামৰ মহিলা গৰাকীক পথাৰৰ মাজতে মাৰধৰ কৰে । ফলত পথাৰৰ মাজত আহত অৱস্থাত পৰি থকা মনিমা নামৰ মহিলা গৰাকীক পৰিয়ালৰ লোকে সাঙি কৰি ঘৰলৈ আনি পিছত চিকিৎসালয়লৈ নিয়ে । মাতৃক এনেদৰে বৰমাক আৰু খুৰীমাকে প্ৰহাৰ কৰি থকা সকলো দৃশ্য মোবাইলত বন্দী কৰিছিল আহত মহিলা গৰাকীৰ পুত্ৰই ।

ইতিমধ্যে দুয়োটা পৰিয়ালৰ ফালৰ পৃথকে পৃথকে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।
ঘটনাৰ বিষয়ে জানিব পৰা মতে ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ তিনি ভাতৃ ক্ৰমে মদন কলিতা, হিতেশ্বৰ কলিতা আৰু দেবেন কলিতাৰ মাজত দীৰ্ঘদিনৰ পৰা চলিআছিল ভুমিকেন্দ্ৰিক বিবাদ । জানিব পৰা মতে পথৰ দাঁতিৰ এডোখৰ ভুমিত কেইবাবছৰ ধৰি খেতি কৰি আহিছিল হিতেশ্বৰ কলিতাৰ পৰিয়ালে । পুনৰ পূৰ্বৰ দৰে এইবাৰো হিতেশ্বৰৰ পৰিয়ালে উক্ত ভুমিত খেতি কৰাৰ যো-যা কৰে । সেইমতে হিতেশ্বৰৰ পত্নী মনিমা কলিতাই ভুঁই ৰুবলৈ পথাৰত নামে । তেনে সময়তে মদন কলিতা আৰু দেৱেন কলিতাৰ পত্নী মাধৱী কলিতা আৰু কল্পনা কলিতাই পথাৰৰ উক্ত স্থানত উপস্থিত হৈ উগ্ৰমূৰ্তি ধাৰণ কৰে । তেওঁলোকৰ ভূমি বুলি দাবী কৰি ভুঁই ৰুই থকা অবস্থাতে দুয়ো মহিলাই মনিমা কলিতাক পথাৰতে বোকাৰ মাজতে গুৰুলা গুৰুলকৈ মাৰধৰ কৰে ।
যাৰ ফলত মনিমা কলিতাই পথাৰৰ মাজতে গুৰুতৰ ভাবে আহত হয় ।