Fearless Press

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া চবিন পাল দাস

গুৱাহাটী,৭ আগষ্টঃ এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া। গ্ৰেপ্তাৰ হ’ল সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত আৰক্ষী বিষয়া দাস। গোৱালপাৰাত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল উপ-পৰিদৰ্শকজন। ঘোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া দাস। মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জালত পৰে ঘোচখোৰ আৰক্ষী বিষয়াজন। তেওঁ মাটিয়া আৰক্ষী থানাত কৰ্মৰত আছিল। থানাৰ ভিতৰতে ঘোচ লৈছিল আৰক্ষী বিষয়াজনে।

Exit mobile version