Fearless Press

বিহাৰত ৰাজনৈতিক পট পৰিৱৰ্তনৰ সম্ভাৱনা

নেচনেল ডেক্স,৮ আগষ্টঃ হঠাৎ সলনি হৈছে বিহাৰৰ ৰাজনীতি। পতন হোৱাৰ দিশে বিজেপি আৰু জে ডি (ইউ)ৰ মিত্ৰযোঁটৰ চৰকাৰ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে স্বাধীনতা দিৱসৰ পূৰ্বেই বিহাৰৰ বৰ্তমানৰ চৰকাৰ ভংগ হোৱাৰ আশংকাই দেখা দিছে। বিহাৰৰ ৰাজনীতিত চলা এনে পট পৰিৱৰ্তনৰ মাজতে জে ডি (ইউ)ৱে তেওঁলোকৰ বিধায়কসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে। আনহাতে বিজেপিৰ পৰা নিজকে আঁতৰাই অনা জে ডি (ইউ)ৱে কংগ্ৰেছ আৰু আৰ জে ডিৰ কাষ চাপি আহিছে। ফলশ্ৰুতিত আৰে জি ডি আৰু কংগ্ৰেছেও তেওঁলোকৰ বৈঠক আহ্বান কৰিছে। কংগ্ৰছে তেওঁলোকৰ প্ৰতিজন বিধায়ককে পাটনালৈ আহিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। একে সময়তে আৰ জে ডিয়ে তেওঁলোকৰ বিধায়কসকলক বুধবাৰৰ পূৰ্বে পাটনাত উপস্থিত হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে। চৰ্চা চলিছে বিজেপিৰ মিত্ৰযোঁট ভংগ কৰি জেডি(ইউ)ৱে কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে শেহতীয়াকৈ বিজেপিৰ কেইবাটাও সিদ্ধান্তত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নাৰাজ হৈ পৰিছে। তেওঁ দেওবাৰে অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকলেও নগ’ল। ইয়াৰ পিছতে নীতিশ কুমাৰৰ জেডি(ইউ)ৱে তেওঁলোকৰ সকলো সাংসদ আৰু বিধায়কক মঙলবাৰে অনুষ্ঠিত কৰা এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পাটনালৈ জৰুৰীভাৱে মাতি পঠিওৱা হৈছে।

Exit mobile version