Fearless Press

গুৱাহাটী ৰে’লৱে ষ্টেচনত নগদ ২২ লাখ টকা উদ্ধাৰ, গ্ৰেপ্তাৰ এজনক

গুৱাহাটী,১৪ আগষ্ট: গুৱাহাটী ৰে’লৱে ষ্টেচনত দেওবাৰে উদ্ধাৰ হয় নগদ ২২ লাখ টকা। আৰক্ষীয়ে টকাসহ আটক কৰে বিহাৰৰ চঞ্জেশ কুমাৰ সিং( ৪০) নামৰ লোক জনক। ৰে’লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে ধনখিনি। ধৃত লোকজনে এটা বেগৰ ভিতৰত দুটা টোপলাত ১১ টা ৫০০ টকীয়া নোটৰ বাণ্ডিল আনিছিল। জব্দ হোৱা ধনখিন ডিমাপুৰৰ পৰা বাৰাউনি ষ্টেচনলৈ নিয়াৰ পৰিকল্পনা কৰিছিল লোকজনে। টকাখিনি ক’ৰ পৰা কি উদ্দেশ্যে আনিছিল সেই তথ্য এতিয়ালৈ লাভ কৰা নাই।

Exit mobile version