Fearless Press

লালকিল্লাত তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰি ক’লে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে

গুৱাহাটী,১৫ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই লালকিল্লাত ত্ৰিৰংগা উত্তোলনেৰে দেশবাসীক সম্বোধন কৰে। এই সময়তে মোডীয়ে দেশবাসীক সম্বোধন কৰি গ্ৰহণ কৰিছে ৫ টা সংকল্প। প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰা সংকল্প সমূহ হৈছে – আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ । অহা ২৫ বছৰত উন্নয়নশীলৰ পৰা উন্নত ৰাষ্ট্ৰ হ’ব লাগিব ভাৰত । দেশৰ নৱ-প্ৰজন্মক অহা ২৫ টা বছৰ দেশৰ উন্নতিৰ বাবে সমৰ্পন কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। এসময়ৰ পৰাধীনতাৰ কোনো চিন-মোকাম নাৰাখি দেশৰ বাবে কাম কৰি যাবলৈ ক’লে নৰেন্দ্ৰ মোডীয়ে । ভাষাৰ বান্ধোনৰ মাজত হেৰাই যোৱা প্ৰতিভাসমূহক আগুৱাই নিবলৈও সংকল্পবদ্ধ প্ৰধানমন্ত্ৰীগৰাকী। নিজৰ দেশৰ ঐতিহ্যক লৈ গৌৰাম্বিত হ’বলৈ আহ্বান জনালে নৰেন্দ্ৰ মোডীয়ে । শিপাৰ সৈতে সংযোগ ৰাখিব পাৰিলেহে অধিক উচ্চতা স্পৰ্শ কৰিব পাৰি বুলি মন্তব্য কৰে মোডীয়ে। সমগ্ৰ দেশবাসীক দেশৰ উন্নতিৰ হকে ঐক্যতা বজাই ৰখাৰ অনুৰোধ প্ৰধানমন্ত্ৰীগৰাকীৰ। একেবাৰে শেষত দেশৰ প্ৰত্যেকজন ব্যক্তিক দেশৰ প্ৰতি থকা দ্বায়িত্ব পালনৰ বাবে আহ্বান জনাই নৰেন্দ্ৰ মোডীয়ে।

Exit mobile version