Fearless Press

বঙাইগাঁও মানিকপুৰত কাঠ ফলা মিল জব্দ

বঙাইগাঁও, ১৮ আগষ্টঃ বঙাইগাঁও আই ভেলি বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ সফলতাত বঙাইগাঁও জিলাৰ মানিকপুৰ বিট বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ৩ নং চালাবিলাত অৱস্হিত বঙাইগাঁও আই ভেলিৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশ মৰ্মে বিশেষ বন সুৰক্ষা বাহিনীৰ বিষয়া শচিমহোন সিংহৰ নেতৃত্বত সজাতী দলে বিশেষ সুত্ৰে খৱৰ পাই, অবৈধ কাঠ ফলা মিল, জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ কৃত কাঠ ফলা সম্পূৰ্ণ মেছিনৰ লগতে কাঠৰ কুন্ডা, ফলা কাঠ, আদি লৈ মানিকপুৰ বিট ফৰেষ্ট কাৰ্যালয়ত লৈ আনে।

Exit mobile version